গৃহবন্দীত্ব জীৱন
পাল্কীৰ আজি হোষ্টেলৰ বান্ধৱীকেইজনীলৈ বৰকৈ মনত পৰিছে। বিশেষকৈ হোষ্টেলৰ কোঠাত বহি বান্ধৱীকেইজনীৰ সৈতে পতা আড্ডা আৰু সেই আড্ডাত বিশেষ স্হান পাইছিলে গোলাপককা দোকান ৰ গৰম গৰম পকৰীকেইটাই।
“সচাঁকৈ,কি যে নিৰাসক্ত দিনবোৰ আহিল।”পাল্কীয়ে মুখৰ ভিতৰতে কৈ উঠিল।
পাল্কী তেজপুৰৰ নিৱাসী। উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে তাই গুৱাহাটীৰ কটন কলেজত নাম লগাই তাতেই থাকিবলৈ লৈছিল। কিন্তু “বিধিৰ যে কি বিধান”।আজি প্ৰায় দুমাহ হৈছিলহে এনেতেই ‘কৰোনা’ শব্দটোৱে সকলোৰে লগতে পাল্কীৰ জীৱনটোও যথেষ্ট নিৰাশাৰে ভৰাই তুলিছে।
প্ৰায় ছয়মাহেই হ’ল নিৰৱিচ্ছিন্ন ভাৱে কৰোনাই বিশ্বৰ প্ৰায় সকলো প্ৰান্ততেই সহস্ৰ মানুহৰ জীৱনক লৈ হেতালি খেলি আহিছে। নিমিষতে লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি নিজে। লাহে লাহে ভাৰতৰ অৱস্থাও জুৰুলা হৈ আহিছে। এতিয়া টিছু পেপাৰ,মাস্ক আৰু ছেনিটাইজাৰ এইবোৰ সঘনাই ব্যৱহাৰ হোৱা শব্দ। ভেকচিন আৱিষ্কাৰ এই পৰ্যন্ত নোহোৱা বাবে এনে সন্ধিক্ষণত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এটাই সিদ্ধান্ত লবলৈ বাধ্য হৈছে আৰু সেয়া হ’ল সামাজিক দূৰত্ব বজাই ৰখা (লকডাউন)।
সচাঁকৈ জীৱনত নোহোৱা-নোপোজা কথা।ঘৰলৈ অহা পিছৰে পৰা নীৰৱেৰে ঘৰতে সোমাই আছে তাই। কেতিয়াবা মন গ’লে ম’বাইল টিপিব,টি.ভি.চাব,গান শুনিব আৰু কেতিয়াবা মন গ’লে কিতাপ পঢ়িব।সদায় এই দিনলিপিখন আৰু কিমান অনুকৰণ কৰিব। তদুপৰি সদায় টিভিত বাতৰিৰ শিৰোনামাত আগস্হান পোৱা সেই দিন-হাজিৰা কৰি খাটি খোৱা লোকসকলৰ মমান্তিক দৃশ্য, সাক্ষাৎকাৰত কোৱা তেওঁলোকৰ যন্ত্ৰণাসমূহ,ভোকৰ যন্ত্ৰণাত বহুতে আত্মহত্যা কৰা আদি দৃশ্য আৰু ক’ত যে কি।কʼৰোনাতকৈ মানুহৰ পেটৰ পোৰণিহে বেছি যন্ত্ৰণাদায়ক বোধ হৈছে।দিনৰ দিনতো এই দৃশ্যসমূহে তাইৰ মনতো নিৰাশাৰে ভৰাই তোলে।
মাজে মাজে খিৰিকীৰে চাই ভাবি থাকে তাই মনতে,”কিমান যে মনত আশা লৈ অতীত গৌৰৱ কটনৰ অভিমুখী হৈছিলো। হঠাৎ কি হৈ গ’ল এয়া! মই বাৰু আকৌ মোৰ প্ৰিয় বান্ধৱীকেইজনীৰ সৈতে হোষ্টেললৈ গৈ আকৌ সেই সুখৰ দিনবোৰ উপভোগ কৰিব পামনে।”
যোৱানিশা বৰষুণ দিছিল। বৰষুণৰ টোপাল খিৰিকীৰ কাষত থকা কঁচুপাতখিলাত এতিয়াও বতাহত কঁপি কঁপি লৰি আছে।এই দৃশ্য ই তাইৰ মনতো আকৌ অশান্ত কৰি তুলিলে।তাই আকৌ ভাবিবলৈ বাধ্য হ’ল,”মানুহৰ জীৱনটোনো কি, কচু পাতৰ পানীৰ দৰে।”
সচাঁকৈ,
কাৰ জীৱন কেতিয়া যতি পৰে, কোনেও নাজানে।”
ভাৱনাত মগ্ন হৈ থাকোঁতেই পাল্কীৰ মাকে মাত লগালে,”মাজনী অ’!এই ফালে আহাচোন।”মাকৰ মাতত তাই ততালিকে মাকৰ ওচৰলৈ দৌৰ মাৰিলে।অলপ মূহুৰ্তৰ বাবে হ’লেও মাকৰ সেই মাতসাৰত তাইৰ মনটো চিন্তা-ভাৱনাৰ পৰা মুক্ত কৰি মাকৰ সেই স্নেহভৰা মাতত বুৰাই পেলালে।
সচাঁকৈয়ে, লকডাউন তথা এই গৃহবন্দীত্বৰ অব্যক্ত যাতনা প্ৰতিজন বিশ্ববাসীৰ অন্তৰত চলিয়েই থাকিব,কিবা এটা স্হায়ী সমাধান নোহোৱালৈকে।